1 চমূ 10:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চমূৱেলে লোকসকলক মতি আনি মিস্পাত যিহোৱাৰ সাক্ষাতে গোট খোৱালে। |
তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।
পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।
তাতে সকলো লোক গিলগললৈ গৈ সেই গিলগলতে যিহোৱাৰ সাক্ষাতে চৌলক ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে; সেই ঠাইতে চৌল আৰু ইস্ৰায়েলৰ সকলো লোক আনন্দত উল্লাসিত হ’ল।