নিস্তাৰ-পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল।
যোহন 12:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছদিনা নিস্তাৰপৰ্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷ |
নিস্তাৰ-পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল।
এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে।
ইহুদী সকলৰ বহুতে গম পালে যে, যীচু বৈথনিয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীচুক চাবৰ কাৰণে যে আহিল এনে নহয়, যি জন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীচুৱে তুলিছিল, সেই জন লাজাৰক চাবলৈহে তেওঁলোক আহিল।