অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিৰি 52:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক হমূতল।

অধ্যায়টো চাওক



যিৰি 52:1
12 পৰস্পৰ সংযোগসমূহ  

তেইশ বছৰ বয়সত যিহোৱাহজ ৰজা হৈছিল। তেওঁ তিনি মাহ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।


একৈশ বছৰ বয়সত চিদিকিয়া ৰজা হৈছিল। তেওঁ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল হমূতল। তেওঁ লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক আছিল।


চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ, দশম মাহৰ দহ দিনৰ দিনা, বেবিলনৰ ৰজা নবূখদনেচৰে তেওঁৰ সকলো সৈন্যসামন্তক লৈ যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। তেওঁ নগৰৰ বিপৰীতে ছাউনি পাতি চাৰিওফালে নগৰ অৱৰোধৰ এটা ওখ দেৱাল নির্মাণ কৰিলে।


ইদোম আজিও যিহূদাৰ বিৰুদ্ধে বিদ্রোহী হৈ আছে। সেই একে সময়তে লিব্‌নায়ো বিদ্ৰোহ কৰিছিল।


চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে।


তাৰ পাছত ৰবচাকিয়ে উভটি গৈ ৰজা অচূৰীয়াই লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পালে; কাৰণ তেওঁ শুনিলে যে, ৰজা লাখীচৰ পৰা আঁতৰি গ’ল।


চিদিকিয়া ৰজাই মল্কীয়াৰ পুত্ৰ পচহুৰক, আৰু মাচেয়া পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়াৰ ওচৰলৈ পঠোৱা সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ গুৰিলৈ অহা বাক্য আহিল আৰু এইবুলি ক’লে,


পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।


মহচেয়াৰ নাতিয়েক নেৰিয়াৰ পুত্ৰ চৰায়া যিহূদাৰ ৰজা চিদিকিয়াই সৈতে বাবিললৈ যোৱা সময়ত, তেওঁৰ ৰাজত্বৰ চতুৰ্থ বছৰত যিৰিমিয়া ভাববাদীয়ে তেওঁক দিয়া আজ্ঞাৰ কথা। সেই চৰায়া ৰাজগৃহৰ প্ৰধান অধ্যক্ষ আছিল।


সেয়ে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালি কৰি, অবিৰাম দেশীয় লোকসকলক বধ কৰিব নে?


তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ মক্কেদাৰ পৰা লিব্‌নালৈ গ’ল, আৰু লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।


লিব্‌না, এথৰ, আচন,