Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 39:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




যিৰি 39:1
16 পৰস্পৰ সংযোগসমূহ  

“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!”


যিহোৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব, যাক আপোনালোকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মুৰ্ত্তিক সেৱাপূজা কৰিব।


যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ দশম বছৰত, অৰ্থাৎ নবূখদনেচৰৰ ৰাজত্ব কালৰ অষ্টাদশ বছৰত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ যি বাক্য আহিছিল, তাৰ বিষয় এই।


বাবিলৰ ৰজা নবূখদনেচৰ, তেওঁৰ সৈন্য-সামন্ত আৰু তেওঁৰ অধীনে থকা পৃথিৱীৰ সকলো ৰাজ্যবোৰ, আৰু সকলো জাতি সমূহে যিৰূচালেম আৰু তাৰ সকলো নগৰৰ বিৰুদ্ধে যুদ্ধ কৰা সময়ত, যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ পৰা এই বাক্য আহিল, বোলে,


চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম” - এয়ে যিহোৱাৰ ঘোষণা - মই তেওঁলোকক পুনৰায় এই নগৰৰ অহিতে যুদ্ধ কৰি, ইয়াক হাত কৰি লৈ, জুই দি পুৰিবলৈ, তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম। কিয়নো মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।


কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’


আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।


নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।


আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি মোক ক’লে, “নগৰখন শত্ৰুৰ হাতত পৰিল!”


আমি বাবিলনৰ পৰা দেশান্তৰিত হোৱাৰ পঁচিশ বছৰৰ বছৰি, বছৰৰ আৰম্ভণত, মাহৰ দশম দিনা, নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দ্দশ বছৰৰ সেই দিনাই যিহোৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে।


এই হেতুকে তেওঁ কলদীয়াসকলৰ ৰজাক তেওঁলোকৰ বিৰুদ্ধে আনিলে; তেওঁ তেওঁলোকৰ ধৰ্মধামত তেওঁলোকৰ ডেকাসকলৰ তৰোৱালেৰে বধ কৰিলে, যুৱক কি যুৱতী, বৃদ্ধ কি অতি লুৰলুৰিয়া বুঢ়া, কালৈকো দয়া নকৰিলে, ঈশ্বৰে তেওঁৰ হাতত সকলোকে শোধাই দিলে।


কিয়নো বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: তোমালোকে কাঠ কাটি যিৰূচালেমৰ অহিতে দ’ম বান্ধা। সেয়ে দণ্ড পাবলগীয়া নগৰী; তাৰ মাজত সম্পূৰ্ণ অত্যাচাৰ আছে।


চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিব্‌না নিবাসী যিৰিমিয়াৰ জীয়েক হমূতল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন