বিশ্ৰাম-বাৰৰ আগেয়েই আন্ধাৰ হোৱাৰ লগে লগে যিৰূচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্ৰাম-বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্ৰাম-বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এই কাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ।
যিহো 2:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।” |
বিশ্ৰাম-বাৰৰ আগেয়েই আন্ধাৰ হোৱাৰ লগে লগে যিৰূচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্ৰাম-বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্ৰাম-বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এই কাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ।
লোকসকলে যেন জাতি সমূহৰ ধন-সম্পত্তি আৰু বন্দি কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে, সেই বাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ’ব।
যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জল সমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব।
কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷
কিন্তু তাই তেওঁলোকক ঘৰৰ চালৰ ওপৰলৈ নিলে আৰু চালৰ ওপৰত ৰীতিমতে মেলি দিয়া শণঠাৰিবোৰেৰে তেওঁলোকক লুকুৱাই হ’ল।
তাৰ পাছত মানুহবোৰে যৰ্দ্দন নদীৰ পাৰ-ঘাটলৈ যোৱা বাটেদি তেওঁলোকৰ পাছে পাছে খেদি গ’ল আৰু খেদি যোৱা লোক বাহিৰ হোৱা মাত্ৰকে নগৰৰ দুৱাৰ বন্ধ কৰা হ’ল।
যেতিয়া চৌলে দায়ূদক ধৰিবলৈ বৰ্তাবাহকক পঠালে, তেতিয়া মীখলে ক’লে, “তেওঁ নৰিয়া পৰিছে।”