11 লোকসকলে যেন জাতি সমূহৰ ধন-সম্পত্তি আৰু বন্দি কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে, সেই বাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ’ব।
বিশ্ৰাম-বাৰৰ আগেয়েই আন্ধাৰ হোৱাৰ লগে লগে যিৰূচালেমৰ দুৱাৰবোৰ বন্ধ কৰিবলৈ আৰু বিশ্ৰাম-বাৰ শেষ নোহোৱালৈকে দুৱাৰবোৰ খুলি নিদিবলৈ মই আদেশ দিলোঁ। বিশ্ৰাম-বাৰে কোনো বোজা ভিতৰলৈ যেন অনা নহয়, এই কাৰণে মই মোৰ কিছুমান দাসক দুৱাৰত নিযুক্তি কৰিলোঁ।
যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে, তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;
যেতিয়া সেই দিন আহিব, সেই দিনা যিহোৱাই উচ্চস্থানত উচ্চস্থানীয় বাহিনীসকলক, আৰু পৃথিবীত পৃথিবীৰ ৰজাসকল দণ্ড দিব।
সত্যক পালন কৰা ধাৰ্মিক দেশবাসী সোমাবলৈ তোমালোকে দুৱাৰবোৰ মেলি দিয়া।
ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব।
তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা।
সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব।
তোমালোকক যিহোৱাৰ পুৰোহিত বুলি মতা হ’ব; তেওঁলোকে তোমালোকক ঈশ্বৰৰ দাস বুলি ক’ব; তোমালোকে দেশৰ ধন-সম্পত্তি ভোগ কৰিবা, আৰু তেওঁলোকৰ ঐশ্বৰ্যত তোমালোকে গৌৰৱ কৰিবা।
আহাঁ, দুৱাৰৰ মাজেদি আহাঁ! লোকসকলৰ বাবে পথ যুগুত কৰা! নিৰ্মাণ কৰা, ৰাজআলি নিৰ্মাণ কৰা! শিলবোৰ গুটাই পেলাই দিয়া, দেশবাসীসকলৰ বাবে নিচান পতাকা তোলা।