তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল; তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে, গিলিয়দৰ পৰা ইশ্মায়েলীয়া এক ব্যৱসায়ী দল আহি আছে। উটৰ পিঠিত তেওঁলোকে মা-মচলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰস লৈ মিচৰ দেশলৈ নামি যাবলৈ আহি আছিল।
যিহো 13:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 গিলিয়দ আৰু গচুৰীয়া আৰু মাখাথীয়াসকলৰ অঞ্চল আৰু গোটেই হৰ্মোণ পৰ্ব্বত আৰু চলখালৈকে গোটেই বাচান; |
তাৰ পাছত তেওঁলোকে ভোজন কৰিবলৈ বহিল; তেনেতে তেওঁলোকে চকু তুলি চাই দেখিলে যে, গিলিয়দৰ পৰা ইশ্মায়েলীয়া এক ব্যৱসায়ী দল আহি আছে। উটৰ পিঠিত তেওঁলোকে মা-মচলা, বিষ নিৰাময়ৰ সুগন্ধি মলম আৰু গন্ধৰস লৈ মিচৰ দেশলৈ নামি যাবলৈ আহি আছিল।
গচুৰ আৰু অৰামে তেওঁলোকৰ পৰা যায়ীৰ আৰু কনাৎ নগৰ, আৰু তাৰ চাৰিওফালৰ ষাঠিখন নগৰ অধিকাৰ কৰিছিল। এই সকলো বাসিন্দা গিলিয়দৰ পিতৃ মাখীৰৰ বংশধৰ আছিল।
মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।
সেই সমথলভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলোঁ।
তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোণৰ তলত থকা মিস্পা দেশীয় হিব্বীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে।
তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
আৰু কিছুমান ইব্ৰীয়ালোক যৰ্দ্দন পাৰহৈ, গাদ আৰু গিলিয়দ দেশলৈ গ’ল; কিন্তু চৌল গিলগলতে থাকিল, আৰু তেওঁক অনুসৰণ কৰা লোক সকলে কঁপিবলৈ ধৰিলে।