তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণও ক্ষমা কৰি দিলে।
তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, কৃপাময়, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।
হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰা ঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি ক’লে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।
তেতিয়া ৰজাই সেই দাসক মাতি কলে, ‘দুষ্ট দাস! তই মোক কাকুতি-মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ
পাছত ধাৰ শুজিবলৈ তেওঁলোকৰ একো নথকাত, তেওঁ দুয়োকো ক্ষমা কৰিলে৷ তাৰ পাছত তেওঁলোকৰ মাজত কোন জনে তেওঁক অধিক প্ৰেম কৰিব?”
তেতিয়া চিমোনে উত্তৰ দি ক’লে, “বোধ কৰোঁ, যি জনক অধিক ক্ষমা কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ শুদ্ধৰূপে বিচাৰ কৰিলা।”
তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।