Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




মথি 18:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰা ঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি ক’লে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।

অধ্যায়টো চাওক কপি কৰক




মথি 18:28
15 পৰস্পৰ সংযোগসমূহ  

তেওঁ এক এক দীনাৰ দিবলৈ বনুৱা সকলৰ সৈতে বন্দবস্ত কৰি সিহঁতক দ্ৰাক্ষাবাৰীলৈ পঠাই দিলে।


প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে ইস্ৰায়েলৰ অধিপতিসকল, তোমালোকৰ পক্ষে যথেষ্ঠ হ’ল; তোমালোকে অত্যাচাৰ আৰু লুট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা; প্ৰভু যিহোৱাই কৈছে তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ষান্ত হোৱা।


সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল।


তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।


আমি এয়াও প্রতিজ্ঞা কৰোঁ যে, আন দেশৰ লোকসকলে যদি বিশ্ৰাম-বাৰে কোনো বস্তু বা শস্য বেচিবলৈ আনে, তেওঁলোকৰ পৰা বিশ্ৰাম-বাৰ বা আন পবিত্ৰ দিনতো আমি সেইবোৰ নিকিনোঁ। প্রতি সপ্তম বছৰত আমি খেতি নকৰোঁ, আৰু আন যিহুদী সকলৰ লগত চুক্তি কৰা সকলো ধাৰ আমি ৰেহাই দিম।


তাৰ পাছত মই এই বিষয়ে চিন্তা কৰিলোঁ, আৰু প্ৰধান লোকসকল আৰু কৰ্মচাৰী সকলৰ বিৰুদ্ধে অভিযোগ আনিলোঁ। মই তেওঁলোকক ক’লো, “আপোনালোকে প্ৰতিজনে নিজৰ নিজৰ ভাইৰ পৰা সূত বেছিকৈ দাবী কৰি লৈছে।” মই তেওঁলোকৰ বিৰুদ্ধে মহাসভা পাতিলোঁ,


যিজন দৰিদ্ৰ লোকে দৰিদ্রক উপদ্ৰৱ কৰে, তেওঁ খাদ্য নষ্ট কৰা বৰষুণৰ দৰে।


তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণও ক্ষমা কৰি দিলে।


তেতিয়া তাৰ সহকৰ্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি ক’লে, ‘ধৈর্য ধৰছোন, মই তোৰ সকলো ধাৰ পৰিশোধ কৰিম’।


কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”?


কিয়নো এই সুগন্ধি তেল বিক্ৰী কৰি, তিনি শ আধলি তকৈয়ো অধিক পালোহেঁতেন আৰু দৰিদ্ৰ সকলক দান দিব পাৰিলেহেঁতেন।” তাতে তেওঁলোকে সেই মহিলা গৰাকীক নিন্দা কৰিলে।


যীচুৱে ক’লে “এজন মহাজনৰ দুজন ধৰুৱা আছিল; তাৰ মাজৰ এজনৰ পাঁচ শ দীনাৰী, এজনৰ পঞ্চাশ দীনাৰী ৰূপ ধাৰ আছিল;


পাছদিনা তেওঁ দুটা দীনাৰী উলিয়াই আলহী-ঘৰৰ গৰাকীক দি ক’লে, ‘এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম’।


ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন