বিচাৰ 18:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া চৰা আৰু ইষ্টায়োল চহৰৰ পৰা দান বংশৰ ছশলোকে যুদ্ধৰ অস্ত্ৰেৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে। |
প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।
যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা; আৰু সেই দেশ বহল; কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই।”
তেওঁলোকে উঠি গৈ যিহূদাৰ কিৰিয়ৎ-যিয়াৰীমত ছাউনি পাতিলে; এই কাৰণে আজিলৈকে সেই ঠাইক মহনে-দান বোলে। সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পাছত আছে।
আৰু দানৰ সন্তানবোৰৰ মাজৰ যুদ্ধৰ অস্ত্ৰেৰে সাজু হৈ থকা সেই ছশ পুৰুষ জপনা-মুখত থিয় হৈ ৰ’ল।