চফ 1:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাই কৈছে, “সেই দিনা মৎস্য-দ্বাৰৰ পৰা যন্ত্রণাৰ ক্রন্দন শুনা যাব; দ্বিতীয় বিভাগৰ পৰা বিলাপৰ শব্দ, পৰ্ব্বতবোৰৰ পৰা এক বৃহৎ শব্দ শুনা যাব। |
তাৰ পাছত দায়ূদে সেই দুৰ্গত নিবাস কৰি, তাৰ নাম দায়ূদৰ নগৰ ৰাখিলে৷ আৰু মিল্লোৰ পৰা ভিতৰৰ চাৰিওফালে গড় নিৰ্ম্মাণ কৰিলে।
এই কথা শুনি পুৰোহিত হিল্কিয়া, অহীকামক, অকবোৰ, চাফন আৰু অচায়াই ভাৱবাদিনী হুল্দাৰ ওচৰলৈ গ’ল। হুল্দা আছিল বস্ত্র ৰখীয়া চল্লুমৰ ভার্যা আৰু চল্লুম আছিল হৰ্হচৰ নাতি তিকবাৰ পুত্ৰ। হুল্দাই যিৰূচালেমৰ দ্বিতীয় অংশত বাস কৰিছিল। তেওঁলোকে ভাৱবাদিনী হুল্দাৰ লগত কথোপকথন কৰিলে।
তেতিয়া যি ঠাইত যিহোৱাই চলোমনৰ পিতৃ দায়ুদক দৰ্শন দিছিল, সেই যিৰূচালেমৰ মোৰিয়া পৰ্বতত যিহোৱাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। দায়ূদে নিৰূপণ কৰি ৰখা যিবুচীয়া অৰ্ণনৰ মৰণা মৰা ঠাইতে তেওঁ এয়া যুগুত কৰিলে।
সেইদৰে যিহোৱাই হিষ্কিয়াক আৰু যিৰূচালেম নিবাসীসকলক অচুৰীয়াৰ ৰজা চনহেৰীবৰ হাতৰ পৰা আৰু আন সকলোৰে হাতৰ পৰা নিস্তাৰ কৰিলে আৰু সকলোতে তেওঁলোকক চলাই নিলে।
তাৰ পাছত গীহোনৰ পশ্চিমে উপত্যকাত মৎস্য দুৱাৰৰ সোমোৱা ঠাইলৈকে দায়ুদৰ নগৰৰ এক বাহিৰ গড় সাজিলে৷ আৰু ওফেলৰ চাৰিওফালৰ গড় মেৰামত কৰি তাক অতি ওখ কৰিলে৷ গড়েৰে আবৃত যিহূদাৰ নগৰবোৰত সেনাপতি সকলক ৰাখিলে।
পাছত হিল্কিয়া আৰু ৰজাই আদেশ কৰা সেই লোকসকল হস্ৰাৰ নাতি তকহঁতৰ পুত্ৰ বস্ত্ৰ-ভঁৰালী চল্লুমৰ ভাববাদীনী হুল্দাৰ ওচৰলৈ গ’ল; সেই সময়ত তেওঁ যিৰূচালেমৰ দ্বিতীয় ভাগত নিবাস কৰিছিল; আৰু তেওঁলোকে সেই বিষয়ে তেওঁক ক’লে।
আৰু ইফ্ৰয়িমৰ দুৱাৰ হৈ, পুৰণি দুৱাৰ, মৎস্য-দুৱাৰ, হননেলৰ কোঁঠ, হম্মেয়া কোঁঠেদি মেৰ-ছাগদুৱাৰলৈকে গ’ল, আৰু তেওঁলোক গৈ প্ৰহৰী দুৱাৰত ৰখিল।
হচচানাৱাৰ পুত্ৰসকলে মৎস্য-দুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰত চৌকাঠ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে।
আমি ভালুকৰ দৰে চিঞৰি আছোঁ, আৰু কপৌৰ দৰে শোকধ্বনি কৰি আছোঁ; আমি ন্যায় বিচাৰৰ বাবে অপেক্ষা কৰোঁ, কিন্তু সেয়ে নাই; আৰু পৰিত্ৰাণলৈ বাট চাই থাকোঁ, কিন্তু সিও আমাৰ পৰা বহু দূৰত থাকে।
কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালোঁ যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”
য’ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!
প্ৰভু যিহোৱাই কৈছে, “সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ’ব; মৰা-শৱ অনেক হ’ব; সেইবোৰ নীৰৱে পেলোৱা হ’ব। “মনে মনে থাকা!”
সেই দিন হ’ব ক্ৰোধৰ দিন, অতি সঙ্কটময় আৰু ক্লেশৰ দিন, এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন, মেঘাছন্ন আৰু উত্তাল তৰঙ্গৰ অন্ধকাৰৰ দিন,
প্ৰভু যিহোৱাৰ উপস্থিতিত আপোনালোক নীৰবে থাকক; কিয়নো যিহোৱাই সোধ-বিচাৰ কৰা দিন ওচৰ চাপি আহিছে; কাৰণ যিহোৱাই এক যজ্ঞৰ আয়োজন কৰিছে; নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্ৰ কৰিলে।