Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 32:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 সেইদৰে যিহোৱাই হিষ্কিয়াক আৰু যিৰূচালেম নিবাসীসকলক অচুৰীয়াৰ ৰজা চনহেৰীবৰ হাতৰ পৰা আৰু আন সকলোৰে হাতৰ পৰা নিস্তাৰ কৰিলে আৰু সকলোতে তেওঁলোকক চলাই নিলে।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 32:22
16 পৰস্পৰ সংযোগসমূহ  

প্ৰভুৱে আপোনালোকৰ হৃদয়ক ঈশ্বৰৰ প্ৰেম আৰু খ্ৰীষ্টৰ সহনশীলতাৰ পথত চলাওঁক।


কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।


কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”


তুমিয়েই ৰজাসকলক জয়দান কৰা; তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।


আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।


কিয়নো যিহোৱা আমাৰ বিচাৰকৰ্ত্তা, আমাৰ ব্যৱস্থাপক, আৰু আমাৰ ৰজা; তেৱেঁই আমাক পৰিত্ৰাণ কৰিব।


তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।


এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।


সেয়ে যিহোৱাই সেইদিনাই ইস্ৰায়েলক উদ্ধাৰ কৰিলে আৰু বৈৎ-আবন অতিক্ৰম কৰি যুদ্ধ কৰি গ’ল।


যিহূদাৰ ফৈদৰ যি লোকসকল তেতিয়াও জীৱিত থাকিব, তেওঁলোকে পুনৰ শিপা মেলিব আৰু ফল উৎপন্ন কৰিব।


তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন