তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে।
গীত 145:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব। |
তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে।
প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।
আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে; পিতৃয়ে সন্তান সকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব।
যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।