Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ইষ্ট 9:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




ইষ্ট 9:28
9 পৰস্পৰ সংযোগসমূহ  

হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ উপকাৰবোৰ নাপাহৰিবা।


তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।”


আৰু সেই দুটা কিৰীটি হেলেম, টোবিয়া, যিদয়া, আৰু চফনিয়াৰ পুত্ৰ যোচিয়াৰ উদাৰতাৰ সোঁৱৰণৰ অৰ্থে, যিহোৱাৰ মন্দিৰত ৰখা হ’ব।


এইদৰে তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা; কিয়নো সেই দিনাই মই তোমালোকৰ লোক সকলক, সৈন্যৰ দলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনিছিলো। এতেকে তোমালোকে পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে সেই দিন পালন কৰিবা।


যিহুদী লোকসকলে নিজৰ, আৰু তেওঁলোকৰ বংশধৰ সকলৰ, আৰু যি সকল লোক তেওঁলোকৰ লগত যোগদান কৰিছিল, সেই সকলো লোকে, সেই দুটা দিনক এটা নতুন প্রথা আৰু কৰ্ত্তব্য বুলি গ্রহণ কৰিছিল। সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁলোকে প্রতি বছৰে সেই দুটা দিন নিৰ্দিষ্ট প্রণালীৰে পালন কৰিছিল।


তাৰ পাছত অবীহয়িলৰ জীয়েক ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ে সম্পূৰ্ণ ক্ষমতাৰ সৈতে পুৰীমৰ বিষয় নিশ্চিত কৰিবলৈ দ্বিতীয় পত্ৰ লিখিলে।


এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন