আৰু আগেয়ে যেতিয়া চৌল আমাৰ ৰজা আছিল, তেতিয়াও আপুনিয়েই ইস্ৰায়েলক বাহিৰলৈ আৰু ভিতৰলৈ অনা নিয়া কৰিছিল৷ আৰু যিহোৱাই আপোনাক কৈছিল, যে, ‘তুমিয়েই ৰখীয়া হৈ মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক চলাবা আৰু ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বা’।”
গীত 121:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব। |
আৰু আগেয়ে যেতিয়া চৌল আমাৰ ৰজা আছিল, তেতিয়াও আপুনিয়েই ইস্ৰায়েলক বাহিৰলৈ আৰু ভিতৰলৈ অনা নিয়া কৰিছিল৷ আৰু যিহোৱাই আপোনাক কৈছিল, যে, ‘তুমিয়েই ৰখীয়া হৈ মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক চলাবা আৰু ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বা’।”
তাৰ পাছত আমি ঈশ্বৰৰ সন্মূখত নিজকে নম্র কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ, তাতে আমি আমাৰ সৰু সকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলো।
প্ৰথম মাহৰ দ্বাদশ দিনা, আমি যিৰূচালেমলৈ যাবৰ বাবে অহবা নদীৰ পৰা যাত্রা কৰিলোঁ। আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকা বাবে তেওঁ শত্ৰুবোৰৰ ওপৰত আৰু বাটত খাপ দি থকা ডকাইতসকলৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে।
কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে, আৰু যিসকল তেওঁৰ প্রতি বিশ্বাসী, তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে।