8 কিন্তু পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে, কিয়নো বিধান অবিহনে পাপ মৃত।
পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়।
মই আহি তেওঁলোকক কথা নোকোৱা হ’লে, তেওঁলোকৰ পাপ নহ’লহেঁতেন; কিন্তু এতিয়া পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁলোকৰ কোনো উপায় নাই।
যি কর্ম আন কোনোৱে কেতিয়াও কৰা নাই, মই তেওঁলোকৰ মাজত তেনে কৰ্ম নকৰা হ’লে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া মোক আৰু মোৰ পিতৃৰ কর্মবোৰক তেওঁলোকে দেখিলে, তথাপি তেওঁলোকে আমাক ঘৃণা কৰিলে।
কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব; কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে।
কিয়নো বিধানে ক্ৰোধ সাধন কৰায়; কিন্তু য’ত বিধান নাই, তাত উলঙ্ঘনো নাই।
ইয়াৰ বাহিৰেও অপৰাধ অধিক হ’বলৈ বিধান সোমাই আহিল; কিন্তু যি ঠাইত পাপ অধিক হ’ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল।
কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে।
তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল।
কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।
পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ।
মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷