8 প্ৰভুত মোৰ প্ৰিয় আমপ্লিয়াতক মঙ্গলবাদ দিব।
আমি ভাই সকলক প্ৰেম কৰাৰ কাৰণে বুজি পাওঁ যে, আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’লোঁ, ইয়াকে জানো। যি কোনোৱে প্ৰেম নকৰে, তেওঁ মৃত্যুতেই থাকে।
এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, আপোনালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷
আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো আপোনালোকে মঙ্গলবাদ দিব। খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এচিয়া দেশৰ প্ৰথম ফল, মোৰ যি প্ৰিয় ইপেনিত, তেওঁকো মঙ্গলবাদ দিব।
তোমালোকে যদি কেৱল তোমালোকৰ ভাই সকলকে শুভেচ্ছা জনোৱা, তেনেহলে আনতকৈ অধিক বেচি কি কৰিলা? অনা-ইহুদী সকলেও জানো তাকে নকৰে?
মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাঁচনি সকলৰ মাজত প্ৰসিদ্ধ হোৱা, মোতকৈয়ো আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা, যি আন্দ্ৰনিক আৰু যুনিয়, তেওঁলোকক মঙ্গলবাদ দিব।
খ্ৰীষ্টত আমাৰ সহকাৰী উৰ্ব্বাণক আৰু মোৰ প্ৰিয় স্তাখুক মঙ্গলবাদ দিব।