15 এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
কিন্তু যিহোৱাই মোৰ পিতৃ দায়ূদক ক’লে, ‘মোৰ নামৰ উদ্দেশ্যে এটা গৃহ সাজিবলৈ তুমি মন কৰিছা, ভাল কৰিছা৷
মই প্ৰভুৰ মাতে কোৱা শুনিলো, “মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?” তেতিয়া মই ক’লো, “মই ইয়াত আছোঁ, মোক পঠাওক।”
এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”
তেওঁ যি পাৰিলে তাকে কৰিলে; মোক মৈদামত থোৱা কাৰ্যৰ কাৰণে আগেয়ে মোৰ শৰীৰত তেল সানিলে।
যীচুৱে তেওঁলোকক ক’লে, “মোক পঠোৱা জনৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ।
তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”
যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক।
এইদৰে য’ত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই, সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য৷ অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলোঁ৷
কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰোঁ, তেনেহলে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত সেই দায়িত্ব আছে বাবেই মই কৰোঁ৷
কিয়নো কার্য কৰিবলৈ প্ৰস্তুততা থাকিলে, শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়।