Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ৰূথ 3:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 তেতিয়া তেওঁৰ শাহুৱেকে তেওঁক ক’লে, “আইটি, এই বিষয়ে কি ঘটিব, সেই বিষয়ে যেতিয়ালৈকে নাজানা তেতিয়ালৈকে তুমি অপেক্ষা কৰি বহি থাকা; কিয়নো সেই ব্যক্তিয়ে আজি এই কাৰ্য সমাধান নকৰালৈকে মনে মনে বহি নাথাকিব।”

অধ্যায়টো চাওক কপি কৰক




ৰূথ 3:18
5 পৰস্পৰ সংযোগসমূহ  

এই কাৰণে প্ৰভু যিহোৱাই কৈছে, “চোৱা, মই চিয়োনত ভিত্তিমূলৰ এটা শিল, এটা পৰীক্ষিত শিল, আৰু দৃঢ়কৈ বহুউৱা চুকৰ এটা বহুমূল্য শিল স্থাপন কৰিলোঁ। যি জনে বিশ্বাস কৰিব, তেওঁ অধৈৰ্য নহ’ব।


মিচৰীয়াসকলৰ সহায় অৰ্থহীন, সেই বাবে মই তেওঁলোকক ৰাহব বুলি মাতিলোঁ, যি সকলে এতিয়াও বহি আছে।


ৰূথে পুনৰ ক’লে, “তেওঁ মোক ‘শাহুৱেৰাৰ ওচৰলৈ শুদাহাতে যাব নালাগে’, এই বুলি কৈ এই ছয় দোন যৱ ধান দিলে।”


তাৰ পাছত, বোৱজে বৈৎলেহেম নগৰৰ দুৱাৰৰ সন্মুখলৈ উঠি গৈ তাতে বহিল; এনেতে যিজন ওচৰ সম্পৰ্কীয় ব্যক্তিৰ কথা ৰূথক তেওঁ কৈছিল, সেই ব্যক্তি জন বাটেদি আহি আছিল; তেতিয়া বোৱজে তেওঁক নাম কাঢ়ি মাতি ক’লে, “ইয়ালৈ আহি বহাচোন।” পাছত তেওঁ তাতে আহি বহিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন