Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




ৰূথ 3:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তেতিয়া ৰূথে ৰাতিপুৱালৈকে তেওঁৰ ভৰিৰ ওচৰত শুই থাকিল; পাছত দোকমোকালিতে অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল; কাৰণ বোৱজে কৈছিল, ‘শস্যমৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে’।

অধ্যায়টো চাওক কপি কৰক




ৰূথ 3:14
8 পৰস্পৰ সংযোগসমূহ  

কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয় কিন্তু মানুহৰ আগতো যি যি উচিত, সেইটোহে আমি চিন্তা কৰিছোঁ।


এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব;


আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।


তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয়


সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।


অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷


সুগন্ধি মূল্যৱান তেলতকৈ সুনাম উত্তম, জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।


পাছত তেওঁ পুনৰ ক’লে, “তুমি গাত লোৱা ওপৰৰ কাপোৰ মেলি ধৰা।” তেতিয়া ৰূথে কাপোৰখন মেলি ধৰোতে তেওঁ ছয় দোন যৱ ধান জুখি কাপোৰত ঢালি দি তেওঁৰ মুৰত তুলি দিলে; আৰু তেওঁ নগৰলৈ গুচি গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন