13 তেতিয়া ৰূথে ক’লে, “হে মোৰ প্ৰভু, আপুনি মোলৈ কৃপাদৃষ্টি কৰক; কিয়নো আপুনি মোক শান্তনা দিলে, আৰু মই আপোনাৰ দাসী নোহোৱা স্বত্তেও মোক নিজৰ দাসীৰ দৰে মৰমৰ কথা ক’লে।”
বার্তাবাহকসকলে যাকোবৰ ওচৰলৈ উলটি আহি ক’লে, “আমি আপোনাৰ ককাই এচৌৰ তালৈ গৈছিলোঁ। তেওঁ চাৰিশ মানুহ লগত লৈ আপোনাৰে সৈতে সাক্ষাৎ কৰিবলৈ আহিছে।”
যাকোবে ক’লে, “নহয় নহয়, মই মিনতি কৰি কৈছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছোঁ, তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক। কিয়নো, আপুনি মোক গ্রহণ কৰিছে আৰু অৱশ্যেই মোৰ বাবে অাপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে।
এচৌৱে ক’লে, “তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ।” কিন্তু যাকোবে ক’লে, “তাৰ কি প্রয়োজন? মোৰ মালিকৰ পৰা মই যি দয়া পাইছো, সেয়ে মোলৈ যথেষ্ট।”
এচৌৱে ক’লে, “মই যি দলবোৰক লগ পালোঁ, সেই সকলো কিহৰ বাবে?” যাকোবে ক’লে, “সেইবোৰ মোৰ মালিকৰ দৃষ্টিত অনুগ্ৰহ পাবৰ বাবে।”
চিখিম যাকোবৰ জীয়েক দীনাৰ প্রেমত পৰি আকৰ্ষিত হৈছিল; তেওঁ দীনাক ভাল পাইছিল আৰু তাইৰ লগত মৰমেৰে কথা পাতিছিল।
সেই লোক জনে তোমালোকক যেন দয়া কৰে, সৰ্ব্বশক্তিমান ঈশ্বৰে ইয়াকে কৰক আৰু তোমালোকৰ আনজন ভাই চিমিয়োন আৰু বিন্যামীনক তোমালোকলৈ এৰি দিয়ে। মই যদি পুত্রহীনৰ শোক ভুগিব লগাই হয়, তেন্তে তেনেকৈয়ে থাকিম।”
তাতে ৰজাই চীবাক ক’লে, “চোৱা, মফিবোচতৰ সৰ্ব্বস্ব তোমাৰেই।” চীবোই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ৷ বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক।”
যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।
যিহোৱাই কৈছে, “সেই দিনা তুমি মোক “মোৰ স্বামী” বুলি মাতিবা আৰু “মোৰ বাল” বুলি পুনৰায় নামাতিবা।
আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
পাছত তাইৰ গিৰিয়েকে উঠি আহি তাইক বুজাই পুনৰ নিজৰ ঘৰলৈ আনিবৰ বাবে তাইৰ ওচৰলৈ গ’ল; তেওঁৰ লগত এজন দাস আৰু এটা গাধ আছিল। তেওঁৰ উপপত্নীয়ে তেওঁক বাপেকৰ ঘৰৰ ভিতৰলৈ নিলে আৰু সেই যুৱতীৰ বাপেকে সেই মানুহক দেখি আনন্দেৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
যিহোৱাই তোমাৰ কৰ্ম অনুসাৰে তোমাক ফল দিয়ক; তুমি ইস্ৰায়েলৰ যি যিহোৱাৰ ডেউকাৰ তলত আশ্রয় ল’বলৈ আহিছা, তেৱেঁই তোমাক সম্পূৰ্ণকৈ পুৰস্কাৰ দিয়ক।”
পাছত ভোজনৰ সময়ত বোৱজে ৰূথক ক’লে, “তুমি এই ঠাইলৈ আহি পিঠা লৈ খোৱা, আৰু তুমি লোৱা পিঠাডোখৰ টেঙা দ্ৰাক্ষাৰসত জুবুৰিওৱা।” তেতিয়া তেওঁ ধান দোৱা লোকসকলৰ কাষত আহি বহিল আৰু বোৱজে হাত মেলি ভজা যৱ তেওঁক খাবলৈ দিলে। তাতে তেওঁ ভোজন কৰি তৃপ্ত হ’ল, আৰু তাৰে কিছু অংশ ৰাখি হ’ল।
তেতিয়া তেওঁ ক’লে, “আপোনাৰ দৃষ্টিত আপোনাৰ দাসী অনুগ্ৰহপ্ৰাপ্ত হওক।” তাৰ পাছত হান্না সেই ঠাইৰ পৰা ওলাই গৈ আহাৰ গ্ৰহণ কৰিলে; আৰু তেওঁৰ মুখ কেতিয়াও বিবৰ্ণ নহ’ল।
তেতিয়া তেওঁ উঠি মাটিলৈ মুখ দি পৰি প্ৰণিপাত কৰি ক’লে, “চাওক, আপোনাৰ এই দাসী মোৰ প্ৰভুৰ দাসবোৰৰ ভৰি ধুৱাবলৈ যুগুত আছে।”