20 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে।
অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
সেই লোক জনে তোমালোকক যেন দয়া কৰে, সৰ্ব্বশক্তিমান ঈশ্বৰে ইয়াকে কৰক আৰু তোমালোকৰ আনজন ভাই চিমিয়োন আৰু বিন্যামীনক তোমালোকলৈ এৰি দিয়ে। মই যদি পুত্রহীনৰ শোক ভুগিব লগাই হয়, তেন্তে তেনেকৈয়ে থাকিম।”
তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে? তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে?
তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।
চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
তেওঁ মোক উশাহকে ল’ব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।
মই ওৰে দিনটো আঘাতিত হলোঁ; প্ৰতি ৰাতিপুৱা তুমি মোক অপদস্থ কৰিলা।”
মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ; মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছোঁ। মই হতাশ হৈ পৰিছো।
তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে, আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে, তেওঁলোকে পান কৰিব নোৱাৰিলে; সেয়ে তেওঁলোকে সেই ঠাইৰ নাম মাৰা ৰাখিলে।
মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই।
মই ৰাতিপুৱালৈকে কান্দিলোঁ, সিংহৰ দৰে তেওঁ মোৰ আটাই হাড় ভাঙিছে; দিন আৰু ৰাতিৰ ভিতৰতে আপুনি মোৰ জীৱন শেষ কৰিলে।
সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।
প্ৰভু পৰমেশ্বৰে কৈছে - “মই আলফা আৰু ওমেগা”, “যি জন আছে, যি জন আছিল আৰু যি জন আহিব, সেই সৰ্বশক্তিমান৷”
তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ।