Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




ৰূথ 1:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।”

অধ্যায়টো চাওক কপি কৰক




ৰূথ 1:15
16 পৰস্পৰ সংযোগসমূহ  

এলিয়াই ইলীচাক ক’লে, “তুমি ইয়াতে থাকা; যিহোৱাই মোক বৈৎএললৈ পঠাইছে।” কিন্তু ইলীচাই তেওঁক ক’লে, “যিহোৱাৰ শপত আৰু আপোনাৰ প্ৰাণৰ শপত, মই আপোনাক এৰি নাযাওঁ।” তাতে তেওঁলোক বৈৎএললৈ নামি গ’ল।


কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।


তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ; তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে।


যিসকলে যিহোৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে যিহোৱাৰ ইচ্ছাত চলা নাই নাইবা তেওঁৰ ইচ্ছা জানিবলৈও বিচাৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম।”


কিন্তু হোবাবে মোচিক ক’লে, “মই তোমাৰ লগত নাযাওঁ। মই নিজ দেশৰ জ্ঞাতিসকলৰ ওচৰলৈ যাম।”


এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে।


কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; কিন্তু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব।


যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”


কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব।


খ্ৰীষ্টৰ এই শত্রুবোৰ আমাৰ মাজৰ পৰা ওলাই গ’ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল; কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ’লে, আমাৰ লগতে থাকিলহেঁতেন; কিন্তু তেওঁলোক প্ৰকাশিত হ’বলৈ, অৰ্থাৎ তেওঁলোক যে আমাৰ সম্বন্ধীয় নহয়, এই বিষয়ে প্ৰকাশিত হ’বলৈ তেওঁলোক ওলাই গ’ল।


আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।


তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।


কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন