Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




হোচ 3:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব।

অধ্যায়টো চাওক কপি কৰক




হোচ 3:4
44 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত লাবনে তেওঁৰ মেৰ-ছাগবোৰৰ নোম কাটিবৰ কাৰণে গৈছিল আৰু সেই সুযোগতে ৰাহেলে তেওঁৰ বাপেকৰ গৃহ-দেৱতাবোৰ চুৰ কৰি নিলে।


কিন্তু ৰাহেলে সেই মূর্তিবোৰ নি উটৰ গাদিৰ ভিতৰত সুমুৱাই থৈছিল আৰু তেওঁ নিজে সেই গাদিৰ ওপৰত বহি আছিল। লাবনে তম্বুৰ সকলো ঠাইতে তন্নতন্নকৈ বিচাৰিলে, কিন্তু তাতো সেইবোৰ নাপালে।


চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।


আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷


ইয়াৰ বাহিৰেও, যোচিয়াই ভূত পোহা বা মৃত আত্মাৰ লগত পৰামর্শ কৰা সকলক আঁতৰাই পঠালে। তেওঁ পাৰিবাৰিক দেৱমূর্তিবোৰ, প্রতিমাবোৰ, যিহূদা আৰু যিৰূচালেমত যিবোৰ ঘৃণনীয় বস্তু দেখা পালে, সেই সকলোবোৰ দূৰ কৰিলে। পুৰোহিত হিল্কিয়াই যিহোৱাৰ গৃহত বিধান লিখা যি পুস্তকখন পাইছিল, তাৰ কথাবোৰ যেন পালন কৰা হয়, সেয়ে যোচিয়াই এই কার্য কৰিছিল।


তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।


তেওঁলোকে তৈয়াৰ কৰিব লগীয়া বস্ত্ৰ এইবোৰ: এটা বুকুপটা, এফোদ, চোলা, হাতে বোৱা কোট চোলা, পাগুৰি, আৰু টঙালি। তেওঁলোকে এইসকলো বস্ত্র তৈয়াৰ কৰি পবিত্ৰ কৰিব; আৰু মোৰ উদ্দেশ্যে সংৰক্ষিত কৰি ৰাখিব। পুৰোহিত হৈ মোৰ পৰিচৰ্যা কৰিবলৈ, তোমাৰ ককায়েক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে এই সকলো বস্ত্ৰ হ’ব।


তেওঁলোকে সোণালী আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া ঊল, আৰু মিহি পকোৱা শণ সূতাৰে সেই এফোদ বস্ত্ৰ তৈয়াৰ কৰিব। সেয়ে নিপুণ শিল্পকাৰৰ কাৰ্য হ’ব।


চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাইৰ ৰজা আৰু ৰাজকুমাৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই। আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।


আৰু তাইৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাইৰ ফল গ্ৰাস কৰিলে। শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাইৰ মাজত আৰু নাথাকিল।’ এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ’ব।”


আমি কাঠ আৰু শিলক পূজা কৰি, জাতিবোৰ দেশে-বিদেশে থকা গোষ্ঠীসকলৰেই দৰে হ’ম বুলি তোমালোকক কোৱা কথা, তোমালোকৰ মনত উদয় হোৱা, কথা সমূলি নঘটিব!’


কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ-দেৱতাবোৰক সুধিব আৰু মেৰৰ আগমঙহ চাব।


আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম!


তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।


যেতিয়াৰ পৰা হোম বলিদান বন্ধ কৰা হৈছিল, আৰু ধ্বংসকাৰী ঘিণলগীয়া বস্তু স্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা এক হাজাৰ দুশ নব্বই দিন হ’ব।


এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।


এতিয়া তোমাৰ ৰজা ক’ত আছে, যি জনে সকলো নগৰতে তোমাক ৰক্ষা কৰিব পাৰিব? এতিয়া তোমাৰ শাসনকর্তাসকল ক’ত আছে, যি সকলৰ বিষয়ে তুমি মোক কৈছিলা, “মোক এজন ৰজা আৰু শাসনকর্তাসকলক দিয়া?”


সেয়ে মই খং উঠি তোমাক এজন ৰজা দিছিলোঁ আৰু মোৰ ক্রোধে তেওঁক আঁতৰাই নিলে।


মই তাইৰ সকলো আমোদ-প্রমোদ বন্ধ কৰিম; তাইৰ উৎসৱবোৰ, ন-জোন, বিশ্ৰাম-দিন আৰু তাইৰ সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম।


তেওঁ হাৰোণক অঙ্গৰক্ষক বস্ত্ৰখন পিন্ধালে আৰু টঙালি বন্ধা চোলাটো পিন্ধালে আৰু এফোদ পিন্ধাই, এফোদত নিপুণ ৰূপে বোৱা টঙালি কাপোৰ কঁকালত মেৰাই তাৰে সৈতে এফোদ বান্ধিলে।


কিয়নো গৃহ-দেৱতাবোৰে অসাৰ কথা কয় আৰু দৈৱজ্ঞবোৰে মিছা দৰ্শন পাই, তেওঁলোকে মিছা সপোনৰ কথা প্ৰকাশ কৰি বৃথা সান্ত্বনা দিয়ে; এই কাৰণে তেওঁলোকে মেৰ-ছাগৰ নিচিনাকৈ ভ্ৰমি ফুৰে আৰু ৰখীয়া নোহোৱাত দুখ পায়।


বাহিনীসকলৰ যিহোৱাৰ ঘোষণা এই - “সেইদিনা মই দেশৰ পৰা প্ৰতিমাবোৰৰ নাম লুপ্ত কৰিম, তেতিয়া সেইবোৰক পুনৰ সোঁৱৰণ কৰা নহ’ব; আৰু মই ভাববাদীসকলক আৰু অশুচিতাজনক আত্মাক দেশৰ পৰা উলিয়াই পঠিয়াম।


তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।


তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”


যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;


মীখা বুলি কোৱা সেই মানুহজনৰ এটা দেৱালয় আছিল; সি এখন এফোদ আৰু কেইবাটাও গৃহ-দেৱতা সাজিলে আৰু নিজ পুতেকহঁতৰ এজনক নিযুক্ত কৰাৰ পাছত, তেওঁ তাৰ পুৰোহিত হ’ল।


তেতিয়া লয়িচ দেশৰ বুজ-বিচাৰ ল’বলৈ যোৱা সেই পাঁচ জনে লোকে ভাইসকলক ক’লে, “তোমালোকে জানানে, এই ঘৰবোৰত এখন এফোদ, কেইটামান গৃহ-দেৱতা, এটা কটা মুৰ্ত্তি আৰু সাঁচত ঢলা এটা প্ৰতিমা আছে। এই হেতুকে এতিয়া তোমালোকে কি কৰা উচিত, সেই বিষয়ে বিবেচনা কৰা।”


তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।


তেওঁলোকৰ সৈতে যিহোৱাৰ পুৰোহিত এলী চীলোত আছিল, তেওঁৰ পৰিনাতি পীনহচৰ নাতি ঈখাবোদৰ ককায়েক অহীটুবৰ পুত্ৰ যি অহিয়া তেওঁ এফোদ বস্ত্ৰ পিন্ধি তেওঁৰ লগত আছিল; আৰু যোনাথন যে গ’ল, সেই কথা লোকসকলে জনা নাছিল।


কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”


সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;


পুৰোহিতে ক’লে, “এলা উপত্যকাত তুমি যাক বধ কৰিছিলা সেই পলেষ্টীয়া গলিয়াথৰ তৰোৱাল এফোদৰ পাছফালে কাপোৰেৰে মেৰোৱা আছে। যদি তুমি লব খোজা, লোৱা, কাৰণ তাৰ বাহিৰে আন কোনো অস্ত্ৰ ইয়াত নাই।” তাতে দায়ূদে ক’লে, “তাৰ সমান তৰোৱাল আৰু নাই; তাকে মোক দিয়া।”


তাৰ পাছত ৰজাই দোৱেগক ক’লে, “ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা।” সেয়ে ইদোমীয়া দোৱেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেই দিনা শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধা পঁচাশী জনক বধ কৰিলে।


অহীমেলকৰ পুত্ৰ অবিয়াথৰ যেতিয়া কয়ীলালৈ পলাই দায়ূদৰ ওচৰলৈ আহিছিল, তেতিয়া তেওঁ হাতত এখন এফোদ লৈ আহিছিল।


দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।”


পাছত দায়ূদে অহীমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক’লে, “এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহা।” তাতে অবিয়াথৰে দায়ূদৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন