22 পৃথিবীয়ে শস্য, দ্ৰাক্ষাৰস, আৰু তেলক উত্তৰ দিব, আৰু সেইবোৰে যিজ্ৰিয়েলক উত্তৰ দিব।
তোমালোকক পুনৰ “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি পুনৰ মতা নহ’ব; তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা” বুলি প্ৰখ্যাত হ’ব; কিয়নো যিহোৱা তোমালোকত সন্তুষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব।
আৰু মই যে যিহোৱা, ইয়াক জানিবৰ মন মই তেওঁলোকক দিম; আৰু তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম; কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব।
তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ’ব।
তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম।
তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব; তেওঁলোক প্রচুৰ শস্যৰে পুনৰ্জীৱিত হ’ব, আৰু দ্ৰাক্ষালতাৰ নিচিনাকৈ ফুলিব; লিবানোনৰ দ্ৰাক্ষাৰসৰ নিচিনাকৈ তেওঁলোকৰ সুখ্যাতি হ’ব।
যিহোৱাই উত্তৰ দি তেওঁৰ লোকসকলক ক’লে: “চোৱা, মই তোমালোকলৈ শস্য, দ্ৰাক্ষাৰস, আৰু তেল পঠিয়াম। তোমালোক তাৰেই তৃপ্ত হবা, মই পুনৰ জাতি সমূহৰ মাজত তোমালোকক ধিক্কাৰৰ বিষয় নকৰিম।
কিয়নো যিৰূচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম, যাতে তেওঁলোক পুনৰায় মোৰ প্ৰজা হ’ব, আৰু সত্যতাত আৰু ধাৰ্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ’ম!”