হোচ 2:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201915 মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম। যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি গীত গাব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত গীত গাইছিল। অধ্যায়টো চাওক |
যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;