6 যেতিয়া তোমালোকে চৰণী পালা, তেতিয়া তোমালোক তৃ্প্ত হলা, তোমালোক তৃ্প্ত হোৱাত, তোমালোকৰ মনত গৰ্ব হল, এই নিমিত্তে তমালোকে মোক পাহৰিলা।
এনেকি তেওঁলোকৰ নিজৰ ৰাজ্যত, তেওঁলোকে যেতিয়া আপোনাৰ মহান দয়াত তেওঁলোকক দিয়া বৃহৎ আৰু উৰ্বৰা দেশ উপভোগ কৰিছিল, তেতিয়াও তেওঁলোকে আপোনাৰ সেৱা-ভক্তি কৰা নাছিল, আৰু তেওঁলোকৰ কু-আচৰণ ত্যাগ কৰা নাছিল।
দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”
কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্ত্তা ঈশ্বৰক পাহৰিলা, আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা; সেয়ে তোমালোক আনন্দদায়ক পুলিবোৰ ৰোপন কৰা, আৰু অদ্ভুত শেলুৱইবোৰ আঁতৰোৱা;
ইয়াৰ বাবে মই এই লোকসকলক কেনেকৈ ক্ষমা কৰিব পাৰোঁ? তোমাৰ সন্তান সকলে মোক ত্যাগ কৰি অনীশ্বৰবোৰৰ নামেৰে শপত খালে। মই যেতিয়া তেওঁলোকক সম্পূৰ্ণকৈ খুৱাইছিলোঁ, তেতিয়া তেওঁলোকে পৰস্ত্ৰীগমন কৰিছিল আৰু বেশ্যাৰ ঘৰত জুমে জুমে গোট খাইছিল।
এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।”
তোমাৰ বাণিজ্য, তোমাৰ জ্ঞান আছিল; তুমি ধন-সম্পত্তি বঢ়ালা আৰু তোমাৰ ধন-সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্ব্বিত হ’ল!
ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে। তাৰ ফল যিমানে বৃদ্ধি পালে, সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।
ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ, নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ; মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল, নথ আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল, সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।
তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব, কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব; তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব। তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”
জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।
পুৰোহিতসকল সংখ্যাত যিমানে বৃদ্ধি পাইছে, সিমানে তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে; মই তেওঁলোকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম।
মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আঁতৰ হৈ যাম; মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
ইস্ৰায়েলে মোক, তেওঁলোকৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নির্মাণ কৰিলে; যিহূদাই অনেক নগৰ গড়েৰে আবৃত কৰিলে; কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বর্ষাম; তাতে তেওঁৰ সকলো কোঁঠ জুইয়ে পুৰি গ্ৰাস কৰিব।
মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে; মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে।
যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;