15 হে বৈৎএল, তোমালোকলৈকো তেনেদৰে ঘটিব। কাৰণ তোমাৰ দুষ্টতা অতি বেছি। ৰাতিপুৱা হ’লে ইস্ৰায়েলৰ ৰজাক সম্পূর্ণকৈ ধ্বংস কৰা হ’ব।
পুনৰ যিহোৱাই কৈছে, “তিনি বছৰৰ ভিতৰত মোৱাবৰ গৌৰৱ দূৰ কৰা হ’ব; তেওঁৰ অনেক লোকৰ ওপৰিও, তেওঁৰ অৱশিষ্ট ভাগ অতি ক্ষুদ্ৰ আৰু নগণ্য হ’ব।
সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।
তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?”
চমৰিয়াত বসবাস কৰা লোকসকলে বৈৎ-আবনৰ দামুৰি-মূর্তিৰ কাৰণে ভয়তে কঁপিছে; সেয়ে তাৰ লোকসকলে শোক কৰিব, সেইদৰে, সেই মূর্তিপূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব; কাৰণ সেই মূর্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে।
পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰিয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ’ব।
ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
তেনেহলে যি উত্তম, সেয়ে মোলৈ মৃত্যুজনক হ’ল নে? এনে নহওক। কিন্তু যি উত্তম, তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয়, এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হ’ল।