34 কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
যোচেফৰ প্রভুৱে যেতিয়া নিজৰ ভার্য্যাৰ মুখেৰে “তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে” বুলি শুনিলে, তেওঁ খঙত জ্বলি উঠিল।
পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হোৱাত, তেওঁ মানুহ পঠিয়াই দায়ূদক এই বাতৰি দি ক’লে বোলে, “মই গৰ্ভৱতী হ’লো।”
ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে; কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় হ’ব পাৰে?
তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।
মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
চোৱা, ৰূপ গণ্য নকৰা, আৰু সোণতো সন্তুষ্ট নোহোৱা লোকসকলক আক্রমণ কৰিবলৈ মই মাদিয়াসকলক উচটাম।
“হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ।
আৰু নিজ পত্নী অশুচি হ’লে, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে।
নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?