30 জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে;
চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে।
বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, আৰু সৈন্যসকলৰ কাষত থকা ৰজা।
“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”
দেশৰ আৰু বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে।
চোৱা, সেই লোক সমূহ সিংহীৰ দৰে উঠিছে, সিংহৰ দৰে নিজৰ গা দাঙিছে; তেওঁ ধৰা পশু নাখায়মানে নুশুব, আৰু বধ কৰা লোকৰ তেজ পান নকৰেমানে শয়ন নকৰিব।”
পাছত সপ্তম দিনা সূৰ্য মাৰ যোৱাৰ আগেয়ে সেই নগৰত থকা লোকসকলে তেওঁক ক’লে, “মৌতকৈ মিঠা কি? আৰু সিংহতকৈ বলৱান কোন?” তাতে চিমচোনে তেওঁলোকক ক’লে, “তোমালোকে মোৰ চেঁউৰী গৰুৰে হাল নোবোৱা হ’লে, মোৰ সাঁথৰৰ অৰ্থ উলিয়াব নোৱাৰিলা হয়।”