10 তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।
তেতিয়া চৌলৰ পুত্ৰ মফিবোচতে ৰজাৰে সৈতে সাক্ষাৎ হবলৈ নামি আহিল৷ ৰজা ওলাই যোৱা দিনৰে পৰা শান্তিৰে ঘৰলৈ উলটি অহা দিনলৈকে তেওঁ নিজৰ ভৰি ধোৱা নাই, তেওঁৰ গোফ ছটা নাই আৰু কাপোৰো ধোৱা নাই।
কিয়নো মোৰ প্ৰভু মহাৰাজৰ সাক্ষাতে মোৰ সকলো পিতৃ-বংশ কেৱল মৃত্যুৰ যোগ্য আছিল, তথাপি আপুনি আপোনাৰ মেজত ভোজন কৰোঁতা সকলৰ মাজত আপোনাৰ এই দাসক বহুৱালে৷ এই হেতুকে ৰজাৰ আগত কাতৰোক্তি কৰিবলৈ মোৰ নো আৰু কি অধিকাৰ আছে?”
কিন্তু দায়ুদৰ আৰু চৌলৰ পুত্ৰ যোনাথনৰ মাজত যিহোৱাৰ নামেৰে শপতৰ কাৰণে, ৰজাই চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ মফিবোচতক দয়া কৰি ৰক্ষা কৰিলে।
তেওঁৰ পিতৃ যিহোয়াদাই যে ৰজালৈ দয়া কৰিছিল, তাক যোৱাচ ৰজাই সোঁৱৰণ নকৰি যিহোৱাদাৰ পুত্ৰক এইদৰে বধ কৰালে৷ জখৰিয়াই তেওঁৰ মৃত্যুৰ সময়ত কৈছিল, “যিহোৱাই দৃষ্টি কৰি ইয়াৰ প্ৰতিশোধ লওঁক।”
বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।
যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।
যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
যিহোৱাই কি কৈছে, সেই বাক্য শুনা: “যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলে কি অন্যায় পালে, যে, তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ, অসাৰৰ পাছত চলি অসাৰ হল?
পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
আপোনালোকে ইস্রায়েলীয়া কোনো ভাইৰ গৰু বা মেৰ-ছাগে বাট হেৰুৱাই অন্যফালে যোৱা দেখিলে, তালৈ অৱহেলা নকৰিব। আপোনালোকৰ ভাইৰ ওচৰলৈ অৱশ্যে তাক ওভটাই নিব।