29 নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।
সেই যাৰবিয়াম এজন বলৱান আৰু সাহসিয়াল লোক আছিল৷ চলোমনে সেই ডেকাজনক পৰিশ্ৰমী দেখি তেওঁক যোচেফৰ বংশৰ সকলো ভাৰ-বোৱা লোকৰ ওপৰত অধ্যক্ষ পাতিছিল।
প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’
পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব; কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্রম কৰিব দিয়া হ’ব।
এলেহুৱা হাতেৰে কাম কৰা মানুহ দৰিদ্ৰ হয়, কিন্তু পৰিশ্ৰমীজনৰ হাতে তেওঁক ধনৱান কৰে।
তেতিয়া প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’।
তোমাৰ হাতত যি কার্যই আহঁক, তোমাৰ সকলো শক্তিৰে সৈতে তাক কৰিবা; কিয়নো তুমি যি ঠাইলৈ গৈ আছা, সেই চিয়োলত কোনো কাৰ্য বা পৰিকল্পনা বা বুদ্ধি কি জ্ঞান একোৱেই নাই।
যোচেফ মিচৰৰ ৰজা ফৰৌণৰ আগত উপস্থিত হোৱা সময়ত, তেওঁৰ বয়স ত্ৰিশ বছৰ হৈছিল। যোচেফ ফৰৌণ ৰজাৰ আগৰ পৰা ওলাই গ’ল আৰু মিচৰ দেশৰ সকলো ঠাইতে ফুৰিলে।
যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷
আপোনাৰ যি লোকসকল আৰু আপোনাৰ যি দাসবোৰে আপোনাৰ আগত সদায় থিয় হৈ আপোনাৰ জ্ঞানৰ কথা শুনে, তেওঁলোক অতি ধন্য।
তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ ধৈৰ্য আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা।
মিচৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই-ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া।”
দায়ুদ চৌলৰ ওচৰলৈ আহি তেওঁৰ কামত যোগ দিলে, তেওঁ দায়ূদক অতিশয় ভাল পাবলৈ ধৰিলে; আৰু দায়ুদ তেওঁৰ অস্ত্ৰবাহক হ’ল।
যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা, তেতিয়া তোমাৰ সন্মুখত কোন আছে সাৱধানে লক্ষ্য কৰিবা।
তেতিয়া ফৰৌণে তেওঁৰ পাত্ৰমন্ত্ৰীসকলক ক’লে, “এই যি জন মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি কাক পাম?”
দায়ূদে কোৱা কথা যেতিয়া লোকসকলে শুনিলে, তেতিয়া সৈন্যসকলে গৈ চৌলৰ আগত সেই কথা জনালে। তেতিয়া তেওঁ দায়ূদক মাতি অনালে।
তেতিয়া লোকসকলে অচাহেলক তুলি কৰিলে যে, বৈৎলেহেমত থকা তেওঁৰ পিতৃৰ মৈদামতে মৈদাম দিলে৷ যোৱাব আৰু তেওঁৰ লোকসকল ওৰে ৰাতি যাত্ৰা কৰি ৰাতিপুৱা হিব্ৰোণ পালেগৈ।
তেওঁলোক কুমাৰ আছিল, তেওঁলোক নটয়িম আৰু গদেৰা নিবাসী, তেওঁলোক ৰজাৰ উদ্দেশে কাম কৰিছিল।
কলঙ্ক নথকা, দেখাত আকৰ্ষণীয়, সকলো বিদ্যাত নিপুণ, জ্ঞান আৰু বিবেচনাৰে পৰিপূৰ্ণ, আৰু ৰাজগৃহত পৰিচৰ্যা কৰিবলৈ যোগ্যতা থকা ইস্রায়েলী যুৱকসকলক মাতি আনা। তেওঁ তেওঁলোকক কলদীয়া সাহিত্য আৰু ভাষা শিকাইছিল।
ৰজাই তেওঁলোকৰ লগত কথা পাতিলে, আৰু তেওঁলোকৰ সকলো দলৰ মাজত, দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ তুলনাত আন কাকো পোৱা নগ’ল। সেয়ে তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিবলৈ প্রস্তুত হ’ল।