হব 3:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20198 নদীবোৰৰ সৈতে যিহোৱাৰ ক্রোধ হৈছে নে? আপোনাৰ ক্রোধ নদীবোৰৰ বা আপোনাৰ উত্তেজনা সাগৰৰ বিৰুদ্ধে নে? যেতিয়া আপুনি আপোনাৰ ঘোঁৰাবোৰৰ ওপৰত উঠে, তেতিয়া আপোনাৰ ৰথে ৰক্ষা পাই নে? অধ্যায়টো চাওক |
তাৰ পাছত যিহোৱাই মোচিক ক’লে, “হাৰোণক এই কথা কোৱা, ‘তুমি তোমাৰ লাখুটিডাল হাতত লৈ মিচৰ দেশৰ সকলো পানী যেনে নদী, খাল, বিল, আৰু সকলো পুখুৰীবোৰত লাখুটিডালেৰে প্রহাৰ কৰা; যাতে সেই সকলো পানী তেজলৈ ৰূপান্তৰিত হয়। এইদৰে কৰা যাতে গোটেই মিচৰ দেশত এনেকি তেওঁলোকৰ কাঠ আৰু শিলৰ পাত্ৰতো পানী তেজলৈ ৰূপান্তৰিত হয়।”