4 সেই কাৰণে বিধান দুৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।”
আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
দুষ্টবোৰ কিয় জীয়াই থাকে? কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?
যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?
হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।
মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।
কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
অধৰ্মচাৰীবোৰৰ পৰা মোক ৰক্ষা কৰা; ৰক্তপাতী মানুহৰ পৰা মোক ৰক্ষা কৰা।
তেওঁলোকে মোক বিনা-দোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে; তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।
হে যিহোৱা, দুষ্টবোৰে কিমান কাল, দুষ্টবোৰেনো কিমান কাল উল্লাস কৰিব?
তোমালোকে কু-কৰ্ম কৰিবলৈ জনসাধাৰণক অনুসৰণ নকৰিবা; নাইবা অন্যায় বিচাৰ কৰিবলৈ জনসাধাৰণৰ পক্ষত থাকি সিদ্ধান্ত নলবা।
তোমালোকে কোনো দৰিদ্ৰ লোকৰ বিচাৰত তেওঁৰ প্রতি অন্যায় বিচাৰ নকৰিবা।
যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
কিয়নো আপোনাৰ সাক্ষাতে আমাৰ অপৰাধ অনেক, আৰু আমাৰ পাপবোৰে আমাৰ বিৰুদ্ধে সাক্ষ্য দিছে; কিয়নো আমাৰ অপৰাধবোৰ আমাৰ লগত আছে, আৰু আমি আমাৰ অৰ্ধম্মবোৰ জানো।
“হে যিহোৱা, তুমি ধাৰ্মিক, তথাপি তোমাৰ লগত মোক প্ৰতিবাদ কৰিবলৈ দিয়া, বিচাৰৰ সম্পৰ্কে মোক তোমাৰ লগত কেৱল কথা কবলৈ দিয়া। “দুষ্টবোৰৰ পথ কিয় উন্নত হয়? অতি বিশ্বাস-ঘাতকবোৰ কিয় শান্তিৰে থাকে?
কিয়নো তোমাৰ ভাইসকলে, তোমাৰ পিতৃ-বংশয়েই তোমালৈ বিশ্বাস-ঘাতকতা কৰিছে, এনে কি, তেওঁলোকে তোমাক ধৰ ধৰ বুলি বৰকৈ চিঞৰিছে। তেওঁলোকে তোমাক ভাল কথা ক’লেও, তেওঁলোকৰ কথাত প্ৰত্যয় নকৰিবা।
আৰু যিৰিমিয়াই সকলো লোকৰ আগত, যিহোৱাই আজ্ঞা কৰা সকলো কথা কৈ এটোৱাৰ পাছত, পুৰোহিত, ভাববাদী আৰু আটাই প্ৰজাসকলে তেওঁক ধৰি ক’লে, “তুমি নিশ্চয়ে মৰিবা!
আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে; কিন্তু মোৰ প্ৰজাসকলে যিহোৱাৰ শাসন নাজানে।
তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়; সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে।
কিয়নো, মই জানো তোমালোকৰ অপৰাধ কিমান অধিক আৰু তোমালোকৰ পাপবোৰ কিমান ভীষণ! তোমালোকে সৎ লোকৰ ওপৰত উপদ্রৱ কৰা আৰু ভেটী লোৱা; নগৰৰ দুৱাৰত তোমালোকে দৰিদ্ৰসকলৰ প্রতি অন্যায় কৰিছা।
তোমালোকে সুবিচাৰক তিতালৈ পৰিণত কৰিছা আৰু ধার্মিকতাক ভূমিস্যাৎ কৰিছা।
তেওঁ পুণৰ ক’লে, “আপোনালোকে এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিবৰ বাবে, ঈশ্বৰৰ আজ্ঞা ভালকৈয়ে অগ্ৰাহ্য কৰিছে।
এনে কোনোবা ভাববাদী আছিল নে, যি জনক আপোনালোকৰ পূর্বপুৰুষ সকলে নির্যাতন কৰা নাছিল? যি সকল ভাববাদীয়ে ধাৰ্মিক জনৰ আগমণৰ কথা আগেয়ে কৈছিলে, সেই ভাববাদী সকলকো তেওঁলোকে হত্যা কৰিলে আৰু এতিয়া আপোনালোকে সেই ধার্মিক জনকো শত্রুৰ হাতত শোধাই দি হত্যা কৰালে।
তেওঁলোকে স্তিফানক শিল দলিয়াই থাকোতে, তেওঁ প্ৰভুক স্মৰণ কৰি কলে, “হে প্ৰভু যীচু, মোৰ আত্মা গ্রহণ কৰক।”
তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? এনে যেন কেতিয়াও নহওক; ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ।
আপুনি বলপূর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটাই।