Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




হব 1:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 সেয়ে তেওঁলোকে ৰজাক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তাসকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়। তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰে আৰু সীমা বান্ধি সেই সকলো কাঢ়ি লয়।

অধ্যায়টো চাওক কপি কৰক




হব 1:10
14 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ বিৰুদ্ধে বাবিলৰ ৰজা নবূখদনেচৰে আহি তেওঁক আক্ৰমণ কৰি বাবিললৈ লৈ যাবৰ বাবে তেওঁক শিকলিৰে বান্ধিলে।


চোৱা! নগৰখন অধিকাৰ কৰিবলৈ উদ্দেশ্যেৰে সৌৱা হাদামবোৰ ওচৰ পালেহি। কিয়নো তৰোৱাল, আকাল আৰু মহামাৰীৰ কাৰণে এই নগৰখন তাৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হৈছে। আৰু তুমি যি ঘটাৰ কথা কৈছিলা সেয়ে ঘটি আছে; আৰু চোৱা, তুমি তাকেই দেখি আছা।


তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’


পাছত বছৰৰ আৰম্ভণত নবূখদনেচৰ ৰজাই মানুহ পঠিয়াই, তেওঁক আৰু যিহোৱাৰ গৃহৰ মনমোহা বস্তুবোৰ বাবিললৈ অনালে আৰু যিহূদা অাৰু যিৰূচালেমৰ ওপৰত তেওঁৰ সম্বন্ধযুক্ত চিদিকিয়াক ৰজা পাতিলে।


কিয়নো হাদামবোৰআৰু তৰোৱালৰ পৰা ৰক্ষাৰ উপায় কৰিবলৈ এই নগৰৰ আৰু যিহূদাৰ ৰজাসকলৰ যি ঘৰবোৰ ভঙা হৈছে, সেই ঘৰবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে:


যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।


কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?


হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িম নগৰৰ ৰজা, হেনাৰ আৰু ইব্বাৰ ৰজা সকল ক’ত আছে?


আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম!


তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীসকলক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব। তোমাৰ বিৰুদ্ধে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব!


যিহোৱাই এই কথা কৈছে, “মোৰ সেই যজ্ঞৰ দিনা মই ৰাজ অধ্যক্ষসকলক, ৰাজপুত্রসকলক, আৰু বিদেশী পোছক পৰিহিত সকলো লোককে দণ্ড দিম।


“সঁচাকৈয়ে যিহোৱাই এইদৰে কৈছে: ‘আমি শান্তিজনক নোহোৱা কম্পন আৰু ভয়ৰ শব্দ শুনিলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন