20 সেই সকলো তেল আমঠু দুটাৰ ওপৰত হ’ল; আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে।
পাছত তেওঁলোকে ষাঁড় আৰু মতা মেৰটোৰ তেল, নাড়ী-ভুৰুত লাগি থকা তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেজডাল ল’লে,
আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে।