Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




লেবীয়া 6:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 তেওঁ দোষাৰ্থক বলিদানৰ কাৰণে যিহোৱালৈ বলি আনিব আৰু ইয়াক জাকৰ পৰা নিৰূপিত মূল্যৰ এটা নিৰ্ঘূণী মতা মেৰ নিজৰ দোষাৰ্থক বলি স্বৰূপে পুৰোহিতৰ ওচৰলৈ আনিব।

অধ্যায়টো চাওক কপি কৰক




লেবীয়া 6:6
8 পৰস্পৰ সংযোগসমূহ  

সেই কাৰণে তেওঁলোকে নিজৰ ভাৰ্যাক পঠিয়াবলৈ প্রতিজ্ঞাবদ্ধ হ’ল। তেওঁলোক দোষৰ বাবে জাকৰ পৰা এটা মতা মেৰ-ছাগ বলিদান কৰিলে।


আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ আগভাগ আৰু সকলো প্ৰকাৰ গছৰ ফলৰ আগভাগ বছৰে বছৰে যিহোৱাৰ গৃহলৈ আনিবলৈ আমি প্রতিজ্ঞা কৰিলোঁ।


আৰু উত্তৰ ফালে মুখ কৰা কোঁঠালিটো যজ্ঞ-বেদি ৰক্ষক পুৰোহিতসকলৰ কাৰণে; তেওঁলোক চাদোকৰ সন্তান; লেবীৰ সন্তান সকলৰ মাজৰ পৰা তেওঁলোকেই যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁৰ গুৰিলৈ আহে।


পাছত পুৰোহিত জনে সেই মেৰ-ছাগ পোৱালি দুটাৰ এটা পোৱালি, সেই এক “লোগ” তেলেৰে সৈতে দোষাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব, আৰু দোলনীয় নৈবেদ্যৰ অৰ্থে সেইবোৰ যিহোৱাৰ সন্মুখত তুলি দিব।


“যদি কোনোৱে যিহোৱাৰ পবিত্ৰ বস্তুৰ কোনো এটা বস্তু ৰাখি, আজ্ঞা লংঘন কৰি নজনাকৈ পাপ কৰে, তেন্তে তেওঁ জাকৰ পৰা, পবিত্ৰ-স্থানৰ চেকল অনুসাৰে যিহোৱাই নিৰূপণ কৰাৰ দৰে, অতি কমেও দুই চেকল দামৰ এটা নিৰ্ঘূণী মতা মেৰ দোষাৰ্থক বলি স্বৰূপে যিহোৱাৰ উদ্দেশ্যে আনিব লাগিব।


তেওঁ দোষাৰ্থক বলি দানৰ বাবে, জাকৰ পৰা তোমাৰ নিৰূপিত মূল্য এটা নিৰ্ঘূণী মতা মেৰ পুৰোহিতৰ ওচৰলৈ আনিব আৰু পুৰোহিতে, তেওঁ নাজানি কৰা দোষৰ বাবে তেওঁক প্ৰায়চিত্ত কৰিব, তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।


যদি তেওঁ মেৰ বা ছাগলী আনিবলৈ অসমৰ্থ হয়, তেন্তে তেওঁ কৰা নিজৰ পাপৰ দণ্ডস্বৰূপে যিহোৱাৰ উদ্দেশ্যে দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব, তাৰে এটা পাপাৰ্থক বলিৰ বাবে আৰু আনটো হোম-বলিৰ বাবে হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন