8 তেওঁ সেই দুটাক পুৰোহিতৰ ওচৰলৈ আনিব; আৰু পুৰোহিতে আগেয়ে পাপাৰ্থক বলি উৎসৰ্গ কৰিবলৈ তাৰ মুৰৰ ওচৰত ডিঙি মুচৰিব, কিন্তু মূৰটো সম্পূৰ্ণকৈ নেৰুৱাব।
পাছত পুৰোহিতে তাক বেদীৰ ওপৰলৈ আনি, মূৰটো মুচৰি চিঙি, তাক বেদীত দগ্ধ কৰিব; আৰু তাৰ তেজ বেদীৰ কাষেৰে উলিয়াই দিব লাগিব।
তাৰ পাছত পুৰোহিতে তাৰ ডেউকা দুখন কাটিব, কিন্তু সম্পূৰ্ণৰূপে তাক দুভাগ নকৰিব, আৰু বেদীত জুই আৰু কাঠৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
সেই যীচু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ’ল; আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ’ল।
খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;