5 আৰু সেই বিষয়বোৰৰ কোনো বিষয়ত যেতিয়া কোনোজন দোষী হয়, তেতিয়া তেওঁ নিজ পাপ অৱশ্যে স্বীকাৰ কৰিব লাগিব।
সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
তেতিয়া মই তোমাৰ আগত মোৰ পাপ সৈ কাঢ়িলোঁ; মোৰ অপৰাধ মই আৰু লুকুৱাই নাৰাখিলোঁ; মই ক’লো, “যিহোৱাৰ আগত মই মোৰ অপৰাধ সৈ কাঢ়িম”; তাতে মোৰ পাপৰ দোষ তুমি ক্ষমা কৰিলা। (চেলা)
যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গ’লা।
মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্ৱাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
পাছত তেওঁ তেওঁৰ হাত দুখন সেই জীয়া ছাগলীটোৰ মুৰত দিব; আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো অপৰাধ আৰু তেওঁলোকৰ আটাই অধৰ্ম, তেওঁলোকৰ সকলো পাপ তাৰ ওপৰত স্বীকাৰ কৰি, তেওঁ সেই সকলোকে সেই ছাগলীৰ মুৰত অৰ্পণ কৰিব। পাছে যুগুতে থকা মানুহ এটাৰ হতুৱাই তাক মৰুভূমিলৈ পঠিয়াই দিব।
কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্যলঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্বীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,
এইদৰে, পুৰোহিতে সেইবোৰ ভিতৰৰ কোনো এটা বিষয়ত, তেওঁ কৰা পাপৰ কাৰণে তাক প্ৰায়চিত্ত কৰিব; তেতিয়া তেওঁৰ পাপ ক্ষমা হ’ব; আৰু অৱশিষ্ট ভাগ ভক্ষ্য নৈবেদ্যৰ দৰে পুৰোহিতৰ হ’ব।
তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব।
কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্রাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয়।
তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি সর্বসশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তেওঁৰ প্ৰশংসা কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।”