Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




লেবীয়া 27:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।

অধ্যায়টো চাওক কপি কৰক




লেবীয়া 27:14
8 পৰস্পৰ সংযোগসমূহ  

গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।


আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব।


যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব।


আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।


কিন্তু সেই মাটি যোৱেল বছৰত মুকলি হৈ, বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব।


ইস্ৰায়েলৰ মাজত বৰ্জিত কৰি দিয়া সকলো বস্তু তোমাৰেই হ’ব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন