Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




লেবীয়া 26:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

36 আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।

অধ্যায়টো চাওক কপি কৰক




লেবীয়া 26:36
31 পৰস্পৰ সংযোগসমূহ  

পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল।


এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”


তেওঁলোকে গৰাৰৰ চাৰিওফালে থকা আটাইবোৰ নগৰ ধ্বংস কৰি জয় কৰি ল’লে, কিয়নো যিহোৱাৰ ত্ৰাস তেওঁলোকৰ ওপৰলৈ আহিল৷ আৰু তেওঁলোকে আটাইবোৰ নগৰ লুট কৰিলে, কাৰণ সেইবোৰত অনেক লুট দ্ৰব্য আছিল।


উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?


আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে। সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে।


ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।


তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।


কোনো লোকে খেদি নগলেও দুষ্টলোক দৌৰি পলায়; কিন্তু ন্যায় কাৰ্য কৰা সকল যুৱা সিংহৰ দৰে সাহসী হয়।


এজনৰ ভয় প্রদৰ্শনত এক হাজাৰ জন পলাই যাব, আৰু পাঁচজনৰ ভয় প্রদৰ্শনত তোমালোক পলাবা; যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্ব্বতৰ টিঙত থকা পতাকা দণ্ড, আৰু পৰ্ব্বতৰ ওপৰত থকা পতাকাৰ দৰে হ’ব।”


সেই সময়ত অৰামে ইফ্ৰয়িমৰ সৈতে যোগ দিয়া কথা দায়ূদৰ বংশৰ লোকসকলক কোৱা হৈছিল; সেয়ে বতাহত অৰন্যৰ গছ কঁপাৰ দৰে তেওঁৰ মন আৰু তেওঁৰ লোকসকলৰ মন কঁপিছিল।


আৰু তেওঁক এই কথা ক’বা যে, ‘সাৱধান হোৱা; নীৰৱে থাকা, দুবিধ জ্বলি থকা কাঠলৈ অৰ্থাৎ ৰচীন আৰু অৰাম, আৰু ৰমলিয়াৰ পুত্র পেখাৰ ভয়ঙ্কৰ ক্ৰোধৰ পৰা ভয় নকৰিব।


কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”


তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল; আৰু তেওঁলোকে ক’লে, “উঠা আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁহঁক।”


দৰিদ্রতা আৰু ক্লেশ-ভোগ কৰাৰ পাছত যিহূদা বন্দীত্বত গ’ল। তাই কোনো বিশ্ৰাম নোপোৱাকৈ সকলো জাতিৰ মাজত বাস কৰি আছে। তাই হতাশ হোৱাত তাইৰ শত্রু সকলে তাইক আক্রান্ত কৰিলে।


আৰু চিয়োন-জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে। তাইৰ ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ’ল, আৰু শক্তিহীন হৈ খেদি নিয়া শত্রুৰ আগে আগে গ’ল।


আমাৰ পাছে পাছে খেদি অহাবোৰ আকাশৰ কুৰ পক্ষীতকৈও বেগী আছিল। সিহঁতে পৰ্ব্বতত আমাক ধৰোঁধৰোঁকৈ খেদিলে, সিহঁতে মৰুপ্রান্তত আমাৰ বাবে খাপ দিলে।


হে মনুষ্য সন্তান, চিঞৰি ক্রন্দন কৰা আৰু বিলাপ কৰা; কিয়নো সেই তৰোৱাল মোৰ প্রজা আৰু ইস্ৰায়েলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল! তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।


তেওঁলোকৰ হৃদয় কোমল হ’বৰ বাবে আৰু তেওঁলোকৰ উজুটি খাই পৰা লোকৰ সংখ্যা সৰহ হ’বৰ কাৰণে এই তৰোৱালখনৰ আগটো তেওঁলোকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ! হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ কাৰণে তাক ধাৰ দিয়া হ’ল।


তেতিয়া ‘কিয় তুমি হুমুনিয়াহ পেলাইছা?’ এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা! প্ৰভু যিহোৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ’ব।”


কিন্তু যি উত্তম, ইস্রায়েলে তাক অগ্রাহ্য কৰিলে; সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব।


আৰু মই তোমালোকলৈ কোন্দোৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা।


যিমান কাল সেয়ে উচ্ছন্ন হৈ থাকিব, সিমান কাল বিশ্ৰাম কৰিব; তোমালোকে দেশত বাস কৰা কালত তোমালোকৰ বিশ্ৰাম-বছৰবোৰত যি যি বিশ্ৰাম ভোগ কৰা নাই, দেশে তাক ভোগ কৰিব।


সেই পৰ্ব্বতত বাসকৰা ইমোৰীয়াসকল আপোনালোকৰ বিৰুদ্ধে ওলাই আহিছিল আৰু মৌ-মাখিৰ দৰে আপোনালোকক খেদি পঠাইছিল। চেয়ীৰত হৰ্মালৈকে আপোনালোকক আঘাত কৰি খেদি নিছিল।


পাছত যিহোৱাই যে ইস্ৰায়েলৰ সন্তানসকল পাৰ নোহোৱালৈকে যৰ্দ্দনৰ পানী শুকুৱাই ৰাখিলে, এই কথা যৰ্দ্দনৰ পশ্চিম পাৰে থকা ইমোৰীয়াসকলৰ সকলো ৰজাই আৰু সমুদ্ৰৰ ওচৰত থকা কনানীয়াসকলৰ সকলো ৰজাই যেতিয়া শুনিলে, তেতিয়া তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ গ’ল আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে তেওঁলোকৰ পুনৰ সাহস নহ’ল।


আৰু অয়ৰ লোকসকলে তেওঁলোকৰ ছয়ত্ৰিশ জনমান লোকক বধ কৰিলে আৰু সিহঁতে নগৰৰ দুৱাৰৰ আগৰ পৰা চবাৰীমলৈকে তেওঁলোকক খেদি নিলে আৰু নামি যোৱা বাটত তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ পৰিল আৰু তেওঁলোকে সাহস হেৰুৱাই পেলালে।


যেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই ব্যক্তিজনক দেখিলে, তেতিয়া তেওঁলোক তেওঁৰ সন্মুখৰ পৰা পলাল আৰু অতিশয় ভয় কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন