8 তুমি নিজৰ কাৰণে সাত বিশ্ৰাম-বছৰ, সাত গুণ সাত বছৰ লেখ কৰিবা; তাতে সাত বিশ্ৰাম-বছৰৰ কাল ঊনপঞ্চাশ বছৰ হ’ব।
ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
সেই বিশ্ৰাম-বাৰৰ পাছদিনাৰ পৰা, দোলনীয় নৈবেদ্য স্বৰূপে ডাঙৰি অনা দিনাৰ পৰা তোমালোকে পুৰা সাত বিশ্ৰাম-বাৰ লেখ কৰিবা।
আৰু তোমাৰ পশু আৰু দেশত থকা বনৰীয়া পশুবোৰৰ অৰ্থে সেইবোৰ আহাৰ হ’ব।
তেতিয়া সপ্তম মাহৰ দশম দিনা দেশৰ সকলো ফালে বৰ মাতৰ শিঙা বজাবা; প্ৰায়শ্চিত্তৰ দিনা তোমালোকৰ দেশৰ সকলো ফালে শিঙা বজাবা।
আৰু যেতিয়া ইস্ৰায়েলৰ সন্তান সকলৰ যোৱেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি ফৈদৰ হ’ব, সেই ফৈদৰ উত্তৰাধিকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ ফৈদৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”