Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লেবীয়া 25:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 তাতে, বিশ্ৰাম-বছৰত হোৱা ভুমি শস্য তোমালোকলৈ আহাৰ হ’ব; অৰ্থাৎ তোমাৰ পথাৰত উৎপন্ন হোৱা সকলো শস্য তোমাৰ আৰু তোমাৰ দাস, বেটী আৰু তোমাৰ লগত থকা বেচ খোৱা দাস আৰু বিদেশীৰ বাবে যুগুত কৰিব পাৰিবা।

অধ্যায়টো চাওক কপি কৰক




লেবীয়া 25:6
9 পৰস্পৰ সংযোগসমূহ  

বিশ্বাসী সকল মনে-প্ৰাণে এক হৈ আছিল। তেওঁলোকৰ কোনেও নিজৰ সম্পত্তিক নিজৰ বুলি দাবী নকৰিলে, বৰং তেওঁলোকে আটাই বস্তু উমৈহতীয়াকৈ ৰাখিলে।


আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।


কিন্তু তোমালোকে ক’ব পাৰা যে, “পথাৰ নবলে, আৰু তাত উৎপন্ন হোৱা গুটি নচপালে আমি সপ্তম বছৰত কি খাম?”


কিন্তু সপ্তম বছৰত, সেই মাটি ছন পৰি থাকিবলৈ দিবা; সেয়ে তোমালোকৰ মাজৰ দৰিদ্ৰ লোকসকলে খাবলৈ পাব। তেওঁলোকে যি এৰিব, তাক বনৰীয়া পশুবোৰে খাব। এইদৰেই তোমালোকৰ দ্ৰাক্ষাবাৰী আৰু জিতগছৰ বাৰীৰ ক্ষেত্রতো কৰিবা।


তুমি নিজ পথাৰত নিজে হোৱা শস্য নাদাবা, আৰু পৰিষ্কাৰ নকৰা দ্ৰাক্ষালতাৰ গুটি নচপাবা; সেয়ে ভুমি সম্পূৰ্ণ বিশ্ৰামৰ বছৰ হ’ব।


আৰু তোমাৰ পশু আৰু দেশত থকা বনৰীয়া পশুবোৰৰ অৰ্থে সেইবোৰ আহাৰ হ’ব।


তেতিয়া মই ষষ্ঠ বছৰত তোমালোকৰ ওপৰত আশীৰ্ব্বাদ আহিবলৈ আদেশ কৰিম, তাতে ভুমিয়ে সেই বছৰত তিনি বছৰলৈ থকাকৈ শস্য উৎপন্ন কৰিব।


‘তোমাৰ কাৰণে এয়ে এক চিন হ’ব: এই বছৰত নিজে নিজে যি উৎপন্ন হ’ব, তাকে তোমালোকে খাবা। দ্বিতীয় বছৰত তাৰ পৰা যি উৎপন্ন হ’ব, তোমালোকে তাকে ভোজন কৰিবা; কিন্তু তৃতীয় বছৰত তোমালোকে কঠীয়া সিচিঁ শস্য দাবা, দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন