55 কিয়নো ইস্ৰায়েলৰ সন্তান সকল মোৰেই দাস, তেওঁলোক মিচৰ দেশৰ পৰা মই উলিয়াই অনা মোৰ দাস; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।
হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।
মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।
“মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কুচ আৰু চিবা দিলোঁ
কিয়নো তেওঁলোক, মই মিচৰ দেশৰ পৰা উলিয়াই অনা মোৰ দাস; তেওঁলোকক বন্দীস্বৰূপে বেচা নহ’ব।
আৰু যদি তেওঁ এইবোৰ উপায়েৰে মুক্ত হ’ব নোৱাৰে, তেন্তে নিজ সন্তান সকলৰে সৈতে বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব।
“তোমালোকে তোমালোকৰ কাৰণে প্ৰতিমা নাসাজিবা, আৰু কটা-মুৰ্ত্তি বা স্তম্ভ স্থাপন নকৰিবা, পৰিসেৱা কৰিবৰ কাৰণে তোমালোকৰ দেশত নক্সা কটা কোনো শিল স্থাপন নকৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে।
কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত, আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে; আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন।
যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷
বিধানৰ বাহিৰত যি সকল আছে, তেওঁলোকক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হ’লোঁ৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকোঁ৷
হে ভাই সকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ’ল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক; কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক।