44 তোমাৰ বন্দী আৰু বেটী, তুমি তোমালোকৰ চাৰিওফালে থকা জাতি সমূহৰ মাজৰ পৰা তেওঁলোকক কিনিব পাৰিবা।
অৱশ্যে ইস্ৰায়েলী লোকৰ প্ৰতিজন ধন দি কিনা বন্দীক যদি চুন্নৎ কৰা হৈছে, তেতিয়া তেৱোঁ ভোজন কৰিব পাৰিব।
তথাপিও তেওঁ যদি এদিন বা দুদিন জীয়াই থাকে, তেনেহ’লে তেওঁ শাস্তি নাপায়; কাৰণ তেওঁ তেওঁৰ দাস হেৰোৱাই কষ্ট ভুগিব।
তুমি তেওঁলোকলৈ কঠিন ব্যৱহাৰ নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা।
আৰু তোমালোকৰ মাজত প্ৰবাস কৰা আন জাতিৰ সন্তান সকলৰ আৰু তোমালোকৰ দেশত তেওঁলোকৰ পৰা জন্মা তেওঁলোকৰ যি যি গোষ্ঠী তোমালোকৰ লগত বাস কৰিছে, তেওঁলোকৰ পৰাও কিনিবা আৰু তেওঁলোকৰ ওপৰত তোমালোকৰ অধিকাৰ থাকিব।