42 তোমালোকে সাতদিন সৰু পঁজাত বাস কৰিবা। ইস্ৰায়েল বংশত ওপজা সকলোৱে সাত দিন সৰু পঁজাত বাস কৰিব;
যাকোবে যাত্রা কৰি চুক্কোতলৈ গ’ল। তেওঁ নিজৰ কাৰণে তাত এটা ঘৰ সাজিলে আৰু তেওঁৰ পশুবোৰৰ কাৰণে আশ্রয়ৰ চালিঘৰ সাজিলে; এই নিমিত্তে সেই ঠাইৰ নাম চুক্কোৎ [চালিঘৰ] হ’ল।
কিন্তু আমি তম্বুত থাকি, আমাৰ পূৰ্বপুৰুষ যোনাদবে দিয়া আজ্ঞা মানি, সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ।
মই ভাববাদীসকলৰ আগত কথা কলোঁ, অনেক দৰ্শন দিলোঁ; তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।
কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা। মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ। তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘সেই সপ্তম মাহৰ পঞ্চদশ দিনাৰ পৰা সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে পঁজা-পৰ্ব্ব হ’ব।
আৰু তোমালোকে বছৰে বছৰে সাতদিন যিহোৱাৰ উদ্দেশ্যে সেই উৎসৱ পালন কৰিবা; এইয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; সপ্তম মাহত তোমালোকে সেই উৎসৱ পালন কৰিবা।
বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।
হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ! হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ!
কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে।