4 যিহোৱাৰ যিবোৰ পৰ্ব্ব, যিবোৰ পবিত্ৰ সভা তোমালোকে নিজ নিজ নিৰূপিত সময়ত ঘোষণা কৰিবা, সেইবোৰ এই।
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কথা কোৱা, তেওঁলোকক এই কথা কোৱা যে ‘তোমালোকে যিহোৱাৰ যি সকলো পৰ্ব্ব পবিত্ৰ সভা বুলি ঘোষণা কৰিবা, মোৰ সেইবোৰ পৰ্ব্ব এই।
তোমালোকে প্রতি বছৰত তিনিবাৰ মোৰ অৰ্থে উৎসৱ পালন কৰিবলৈ নিৰ্দ্দিষ্ট স্থানলৈ আহিব লাগিব।
অগ্নিকৃত উপহাৰ, অৰ্থাৎ হোম-বলি, ভক্ষ্য নৈবেদ্য, মঙ্গলাৰ্থক বলি, আৰু পেয় নৈবেদ্য নিজ নিজ দিন উৎসৰ্গ কৰিবলৈ তোমালোকে পবিত্ৰ সভা বুলি ঘোষণা কৰিবলগীয়া যিহোৱাৰ পৰ্ব্ব এইবোৰ।,
এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।
আৰু সেই দিনা তোমালোকে ঘোষণা কৰিবা, তোমালোকৰ পবিত্ৰ সভা হ’ব আৰু তোমালোকে কোনো ব্যৱসায় কৰ্ম নকৰিবা; এইয়ে তোমালোকে থকা সকলো ঠাইতে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া সদাকালৰ বিধি।
আপোনালোকে ইয়াত লিখাৰ দৰে যিৰূচালেমত আৰু তেওঁলোকৰ সকলো নগৰত এই কথা ঘোষণা কৰি ক’ব লাগে যে, “অস্থায়ী আশ্ৰয় গৃহ সাজিবৰ কাৰণে পৰ্ব্বতলৈ গৈ জলফাই গছ, বনৰীয়া জিত গছ আৰু মেন্দি গছৰ ডাল, খাজুৰ পাত আৰু ছাঁ দিয়া গছৰ পাত আনক।”
আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।
চোৱা, যি জনে শুভবাৰ্ত্তা আনে আৰু শান্তি প্ৰচাৰ কৰে, সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত আছে! হে যিহূদা, তোমালোকৰ পৰ্ব্ববোৰ পালন কৰা আৰু তোমালোকৰ প্ৰতিজ্ঞাবোৰ সিদ্ধ কৰা, কিয়নো দুষ্ট লোকজনে তোমালোকক আক্রমণ নকৰিব; সি নিঃশেষে বিনষ্ট হ’ল।
হে অৰিয়েল, হে অৰিয়েল, দায়ুদে ছাউনি পতা নগৰ! বছৰত বছৰ যোগ দিয়া; উৎসৱৰ পাছত উৎসৱ আহক।