Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লেবীয়া 21:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 কেৱল প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ নোসোমাব আৰু যজ্ঞবেদীৰ ওচৰ নাচাপিব, কিয়নো তেওঁৰ ঘুণ আছে; তাতে তেওঁ মোৰ পবিত্ৰ ঠাইবোৰ অপবিত্ৰ নকৰিব। কিয়নো মই সেই সকলোকে পবিত্ৰ কৰোঁতা যিহোৱা’।”

অধ্যায়টো চাওক কপি কৰক




লেবীয়া 21:23
13 পৰস্পৰ সংযোগসমূহ  

ধৰ্মধামৰ পৰা বাহিৰ হৈ নাযাব আৰু নিজ ঈশ্বৰৰ ধৰ্মধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীটি স্বৰূপে তেওঁৰ মুৰত আছে। মই যিহোৱা।


ইস্ৰায়েলৰ সন্তান সকলে তাৰ মাজত থকা মোৰ আৱাস অশুচি কৰি তেওঁলোকে নিজ নিজ অশৌচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা।


হে নিৰ্ব্বোধ আৰু অন্ধ সকল, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?


ঈশ্বৰৰ ‘ভক্ষ্য’, অৰ্থাৎ অতি পবিত্ৰ আৰু পবিত্ৰ বস্তু দুয়োকো তেওঁ ভোজন কৰিব পাৰিব।


এইদৰে মোচিয়ে হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ আটাই সন্তানসকলক এই কথাবোৰ ক’লে।


“তুমি ইস্ৰায়েলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, ‘তোমালোক পবিত্ৰ হ’ব লাগে; কিয়নো মই তোমালোকৰ যি ঈশ্বৰ যিহোৱা, মই পবিত্ৰ।


এই হেতুকে তোমালোকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।


তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে।


ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুবোৰ খোৱাৰ সময়ত, তেওঁলোকক দোষাৰোপ কৰি অপৰাধৰ ফল ভোগ কৰাব নালাগে। কিয়নো মই তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা’।”


হে মোৰ ঈশ্বৰ, তেওঁলোকক সোঁৱৰণ কৰক; কাৰণ তেওঁলোকে পুৰোহিত পদ, পুৰোহিত-পদৰ আৰু লেবীয়া সকলৰ নিয়ম কুলষিত কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন