1 পাছত যিহোৱাই মোচিক ক’লে: “তুমি পুৰোহিতসকলক অৰ্থাৎ হাৰোণৰ পুত্ৰসকলক কোৱা, ‘নিজ লোকসকলৰ মাজৰ কোনো মানুহ মৰিলে, তেওঁৰ বাবে কোনেও নিজকে অশুচি কৰিব নালাগে।
আৰু তেওঁলোকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুহৰ ওচৰলৈ নাযাব, কিন্তু, বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামী নোহোৱা ভনীয়েকৰ কাৰণে নিজকে অশুচি কৰিব পাৰে।
হে পুৰোহিতসকল, এই কথা শুনা! হে ইস্ৰায়েলীয়া-বংশ, মনোযোগ দিয়া! হে ৰাজবংশৰ লোকসকল, শুনা! কিয়নো তোমালোক সকলোৰে বিৰুদ্ধে বিচাৰ কৰা হৈছে। কাৰণ তোমালোক মিস্পাত পতা ফান্দস্বৰূপ, আৰু তাবোৰত মেলি দিয়া এক জালস্বৰূপ হৈছা।
আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
তেওঁ কোনো মৰা শৱৰ ওচৰলৈ নাযাব; নিজ পিতৃ কি মাতৃৰ কাৰণেও তেওঁ নিজকে অশুচি নকৰিব।
এতিয়া হে পুৰোহিতসকল, তোমালোকৰ প্রতি এই আজ্ঞা।
“তোমালোকে জানিবা যে, মই তোমালোকৰ ওচৰলৈ এই আজ্ঞা পঠাইছো যাতে লেবীৰ সৈতে স্থাপন কৰা মোৰ ব্যৱস্থা চলি থাকে।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
যি কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব।
যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব- সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব।
আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা নৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।
“তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।
তেওঁ যেতিয়ালৈকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৱৰ ওচৰলৈ নাযাব।