12 আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই যিহোৱা।
তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব।
তোমালোকে অনর্থকৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল’বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।
তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।
কিন্তু, হে মোৰ ভাইসকল, বিশেষকৈ আপোনালোকে স্বৰ্গৰ, নাইবা পৃথিৱীৰ বা আন কোনো নামৰ শপতেৰে শপত নাখাব; কিন্তু আপোনালোকে যেন সোধ-বিচাৰত নপৰে এই কাৰণে আপোনালোকৰ ‘হয়’ যেন ‘হয়’ হওক আৰু ‘নহয়’ যেন ‘নহয়’ হওক।
বা হেৰুৱা বস্তু পাই ৰাখি মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি যি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয়,
তেতিয়া সেই ইস্ৰায়েলীয়া মহিলাৰ পুত্রই যিহোৱাৰ নাম নিন্দা কৰি শাও দিয়াত, লোকসকলে তেওঁক মোচিৰ ওচৰলৈ আনিলে। তেওঁৰ মাতৃৰ নাম চলোমীথ; তাই দান ফৈদীয়া, দিব্ৰীৰ জীয়েক।
বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
বাহিনীসকলৰ যিহোৱাই কৈছে, ‘ইয়াক মই উলিয়ালোঁ,’ আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত খোৱাজনৰ ঘৰত সোমাব। আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।”
আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়’, যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।
যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য কৰা?
কিন্তু তোমালোকে আকৌ মন ঘূৰাই মোৰ নাম অপবিত্ৰ কৰিলা, আৰু যি বন্দী-বেটীসকলক নিজ ইচ্ছামতে যাবলৈ এৰি দিছিলা, তোমালোক প্ৰতিজনে নিজ নিজ সেই বন্দী-বেটীক ওলোটাই আনি তেওঁলোকক আকৌ বন্দী-বেটী কৰিবলৈ বশীভুত কৰিলা।”
তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
হে ইস্ৰায়েল নামেৰে প্ৰখ্যাত, আৰু যিহূদাৰ জল সমূহৰ পৰা উৎপন্ন হোৱা যাকোবৰ বংশ, এই কথা শুনা, যিসকলে যিহোৱাৰ নাম লৈ শপত খায়, ইস্ৰায়েলৰ ঈশ্বৰৰ ওচৰত সাহায্য প্রার্থনা কৰে, কিন্তু আন্তৰিকতাৰে বা সত্যনিষ্ঠাৰে নকৰে।
যদিও তেওঁলোকে ‘যিহোৱাৰ জীৱনৰ শপত,’ এই বুলি ক’য়, তথাপি তেওঁলোকে মিছা শপতহে খায়।